Residential Solar for homes across Assam.ঘৰুৱা সৌৰ প্ৰণালী (Residential Solar) অসমৰ প্ৰতিখন ঘৰৰ বাবে সেউজ শক্তি।
We design, install and maintain home rooftop solar in Guwahati and across Assam — sized to your electricity use, with PM Surya Ghar subsidy and APDCL net-metering support.আমি গুৱাহাটী তথা সমগ্ৰ অসমত ঘৰুৱা ৰুফটপ সৌৰ প্ৰণালীৰ ডিজাইন, সংস্থাপন আৰু চোৱাচিতা সেৱা প্ৰদান কৰোঁ — য'ত পিএম সূৰ্য ঘৰ ৰাজসাহায্য আৰু এপিডিচিএল নেট-মিটাৰিং সুবিধা অন্তৰ্ভুক্ত।

Why homes in Assam go solarঅসমৰ গৃহস্থীসমূহে সৌৰ শক্তি কিয় বাছি লৈছে
A rooftop solar system turns your roof into a power source that lasts for decades. For most homes the appeal is simple: lower monthly electricity bills, protection from rising tariffs, and a cleaner, quieter alternative to diesel backup. With the PM Surya Ghar scheme and Assam's state support, the upfront cost is lower than the sticker price suggests — for eligible homes.ৰুফটপ সৌৰ প্ৰণালীয়ে আপোনাৰ ছাদক এক দীৰ্ঘম্যাদী বিদ্যুৎ উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰ কৰে। অধিকাংশ ঘৰৰ বাবে ইয়াৰ সুবিধা স্পষ্ট: মাহেকীয়া বিদ্যুৎ বিল হ্ৰাস, বৃদ্ধি পোৱা বিদ্যুতৰ মাচুলৰ পৰা ৰক্ষা আৰু জেনেৰেটৰৰ বিপৰীতে এক শান্ত, প্ৰদূষণমুক্ত বিকল্প। পিএম সূৰ্য ঘৰ আঁচনি আৰু অসম চৰকাৰৰ অতিৰিক্ত সাহায্যৰ ফলত প্ৰাথমিক সংস্থাপনৰ খৰচ যথেষ্ট কম হয়।
Choosing the right system sizeসঠিক ক্ষমতাৰ প্ৰণালী নিৰ্বাচন
Size follows usage, not house size. We look at your average monthly units (or bill), the appliances you run, and how much shadow-free roof you have. The table below is a general guide; a site survey and the calculator refine it.প্ৰণালীৰ আকাৰ ঘৰৰ আকাৰৰ ওপৰত নহয়, বিদ্যুৎ ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে। আমি আপোনাৰ গড় মাহেকীয়া ইউনিট, ব্যৱহৃত বৈদ্যুতিক সঁজুলি আৰু ছাদৰ ছাঁ-মুক্ত স্থান পৰীক্ষা কৰোঁ। তলৰ তালিকাত এক প্ৰাথমিক নিৰ্দেশনা দিয়া হৈছে:
| Home profileঘৰৰ ধৰণ | Typical sizeপ্ৰয়োজনীয় ক্ষমতা | Notesবিৱৰণ |
|---|---|---|
| Small home, lights and fansসৰু ঘৰ, লাইট আৰু ফেনৰ বাবে | 1–2 kW১–২ কিলোৱাট | A first step onto solarপ্ৰাথমিক ঘৰুৱা সৌৰ ব্যৱস্থা |
| Average family homeমধ্যমীয়া পৰিয়ালৰ ঘৰ | 3 kW৩ কিলোৱাট | Our most requested sizeআটাইতকৈ জনপ্ৰিয় আৰু উপযুক্ত আকাৰ |
| Home with one or more ACsএচি (AC) আৰু ফ্ৰিজযুক্ত ঘৰ | 5 kW onward৫ কিলোৱাট বা ততোধিক | Sized to the AC loadএচিৰ অতিৰিক্ত লোড বহন কৰিবলৈ |
| Large home / multiple floorsডাঙৰ ঘৰ / বহুতলীয়া আৱাস | 10 kW or custom১০ কিলোৱাট বা প্ৰয়োজন অনুসৰি | Engineered to your demandসম্পূৰ্ণ চাহিদা অনুসৰি ডিজাইন কৰা |
Explore the 1 kW, 3 kW, 5 kW and 10 kW pages, or start with the system size calculator.আমাৰ ১ কিলোৱাট, ৩ কিলোৱাট, ৫ কিলোৱাট আৰু ১০ কিলোৱাট পৃষ্ঠা চাওক, অথবা সৌৰ ক্ষমতা কেলকুলেটৰৰ জৰিয়তে হিচাপ কৰক।
On-grid, off-grid or hybrid?অন-গ্ৰিড, অফ-গ্ৰিড নে হাইব্ৰিড?
Most urban homes in Guwahati choose an on-grid system with net metering because it is the simplest and most cost-effective. If you face frequent outages or want backup, a hybrid or off-grid system with batteries is the better fit. Our guide to solar types explains the trade-offs.গুৱাহাটীৰ অধিকাংশ নগৰীয়া পৰিয়ালে নেট মিটাৰিঙৰ সৈতে অন-গ্ৰিড প্ৰণালী বাছি লয় কাৰণ ই সৰল আৰু কম খৰচী। যদি আপোনাৰ অঞ্চলত সঘনাই বিদ্যুৎ কৰ্তন হয় বা বেটাৰী বেকআপ প্ৰয়োজন, তেন্তে হাইব্ৰিড বা অফ-গ্ৰিড প্ৰণালী উৎকৃষ্ট। অধিক জানিবলৈ আমাৰ সৌৰ প্ৰণালীৰ প্ৰকাৰসমূহৰ নিৰ্দেশিকা চাওক।
Roof and structure considerationsছাদ আৰু মাউণ্টিং ষ্ট্ৰাকচাৰৰ নিৰাপত্তা
Assam's climate matters. We account for Monsoon rain, wind loading and roof type when designing the mounting structure, and we protect roof integrity during installation. Whether your roof is RCC or metal sheet, the design adapts to it.অসমৰ জলবায়ু বিশেষভাৱে মন কৰিবলগীয়া। বাৰিষাৰ প্ৰৱল বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি আমি শক্তিশালী গেলভানাইজড ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰোঁ যাতে ছাদৰ কোনো ক্ষতি নহয়। আপোনাৰ ছাদ কংক্ৰিট (RCC) বা টিনৰ যিয়েই নহওক, তাৰ উপযোগী ব্যৱস্থা কৰা হয়।
Subsidy and net meteringচৰকাৰী ৰাজসাহায্য আৰু নেট মিটাৰিং
Eligible residential systems can claim central subsidy under PM Surya Ghar, with additional state support in Assam. We help with the application, documents and the APDCL net-metering formalities. Because these figures change, we keep official information on dedicated pages with a last-verified date: see PM Surya Ghar and Solar Subsidy in Assam.যোগ্য ঘৰুৱা সৌৰ প্ৰণালীসমূহে পিএম সূৰ্য ঘৰৰ অধীনত কেন্দ্ৰীয় সাহায্য আৰু অসম চৰকাৰৰ ৰাজ্যিক সাহায্য লাভ কৰিব পাৰে। অনলাইন আবেদনৰ পৰা আৰম্ভ কৰি এপিডিচিএল নেট মিটাৰিঙৰ সকলো যাৱতীয় কামত আমি সম্পূৰ্ণ সহায় আগবঢ়াওঁ। চৰকাৰী তথ্যৰ বাবে চাওক পিএম সূৰ্য ঘৰ আৰু অসমত সৌৰ ৰাজসাহায্য।
What our residential service includesআমাৰ ঘৰুৱা সেৱাত কি কি অন্তৰ্ভুক্ত
- Free site survey and rooftop assessmentবিনামূলীয়া ছাইট জৰীপ আৰু ছাদৰ কাৰিকৰী পৰিদৰ্শন
- System sizing and customized layout designবিদ্যুৎ ব্যৱহাৰ অনুসৰি সঠিক প্ৰণালী আৰু লে-আউট ডিজাইন
- Supply of Tier-1 panels, inverters, structure and balance-of-systemউচ্চমানৰ পেনেল, ইনভাৰ্টাৰ, মজবুত ষ্ট্ৰাকচাৰ আৰু সুৰক্ষা সামগ্ৰী যোগান
- Certified installation, testing and commissioningদক্ষ অভিযন্তাৰে সংস্থাপন, সুৰক্ষা টেষ্টিং আৰু কমিশনিং
- Subsidy and APDCL net-metering documentation assistanceৰাজসাহায্য আৰু এপিডিচিএল নেট-মিটাৰিং আবেদনত সম্পূৰ্ণ সহায়
- After-sales maintenance and long-term supportসংস্থাপনৰ পিছৰ নিয়মিত চোৱাচিতা আৰু কাৰিকৰী সাহায্য
Solar calculatorসৌৰ কেলকুলেটৰ
Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।
Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।
- System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
- Savings calculatorসঞ্চয় কেলকুলেটৰ
- Generation calculatorউৎপাদন কেলকুলেটৰ
- Payback calculatorপেবেক কেলকুলেটৰ
- Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
How do I choose the right size for my home?মোৰ ঘৰৰ বাবে সঠিক আকাৰৰ সৌৰ প্ৰণালী কেনেকৈ নিৰ্বাচন কৰিম?
We size the system from your electricity consumption (units or bill), your shadow-free roof area and your goals. Our system size calculator gives a first estimate, and a site survey confirms the final size.আমি আপোনাৰ মাহেকীয়া বিদ্যুৎ ব্যৱহাৰ (ইউনিট বা বিল), ছাদৰ ছাঁ-মুক্ত স্থান আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ক্ষমতা নিৰ্ধাৰণ কৰোঁ। আমাৰ সৌৰ কেলকুলেটৰে প্ৰাথমিক হিচাপ দিয়ে আৰু ছাইট পৰিদৰ্শনৰ দ্বাৰা চূড়ান্ত ক্ষমতা নিশ্চিত কৰা হয়।
Will solar work during a power cut?কাৰেণ্ট গ'লে সৌৰ প্ৰণালীয়ে কাম কৰিবনে?
A standard on-grid system does not run during a grid outage for safety reasons. If backup matters to you, choose a hybrid or off-grid system with battery storage.সুৰক্ষাৰ স্বাৰ্থত ষ্টেণ্ডাৰ্ড অন-গ্ৰিড প্ৰণালী গ্ৰিড বন্ধ হ'লে স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে। যদি বিদ্যুৎ কৰ্তনৰ সময়ত বেকআপ প্ৰয়োজন হয়, তেন্তে বেটাৰী সংলগ্ন হাইব্ৰিড বা অফ-গ্ৰিড প্ৰণালী নিৰ্বাচন কৰক।
Is net metering available for homes?ঘৰুৱা সংযোগত নেট মিটাৰিঙৰ সুবিধা উপলব্ধনে?
Yes, subject to APDCL approval and eligibility. Excess units your system exports are accounted for through net metering. See our APDCL net metering page for the process.হয়, এপিডিচিএলৰ (APDCL) অনুমোদন আৰু নিয়ম অনুসৰি। আপোনাৰ প্ৰণালীয়ে উৎপাদন কৰা অতিৰিক্ত বিদ্যুৎ নেট মিটাৰিঙৰ জৰিয়তে গ্ৰিডলৈ সৰবৰাহ হয় আৰু মাহেকীয়া বিলত ৰেহাই লাভ কৰা যায়।
How long does a home installation take?ঘৰুৱা সৌৰ প্ৰণালী সংস্থাপনত কিমান সময় লাগে?
Installation itself is usually completed in a few days once approvals and materials are ready. Subsidy and net-metering steps can extend the overall timeline, and we keep you updated throughout.অনুমোদন আৰু যাৱতীয় সামগ্ৰী প্ৰস্তুত হোৱাৰ পিছত সংস্থাপনৰ কাম সাধাৰণতে ২–৩ দিনৰ ভিতৰতে সম্পূৰ্ণ হয়। ৰাজসাহায্য আৰু নেট-মিটাৰিং প্ৰক্ৰিয়াৰ সকলো খবৰ আমি নিয়মীয়াকৈ যোগান ধৰি থাকোঁ।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।